Description
বৈদিক আৰু প্ৰাচীন শাস্ত্ৰৰ জ্ঞানেৰে সমৃদ্ধ শ্ৰী মতী জুলা শৰ্মা বৰ্তমান সামাজিক মাধ্যমৰ এক চিনাকী নাম । প্ৰাচীন ভাৰতৰ শাস্ত্ৰ , গ্ৰন্থ আৰু বিভিন্ন ঠাইৰ প্ৰাচীন পুথি সমূহ অধ্যয়ন কৰাৰ লগতে হিমালয়ৰ পৰা ৰামেশ্বৰমলৈ , নৰ্মদাৰ পাৰৰ পৰা গঙ্গা তীৰৰ তীৰ্থ আৰু কাশী, অযোধ্যা, মথুৰা , বৃন্দাবন দৰে সৰু বৰ ঠাই সমূহ ঘূৰি ঘূৰি শাস্ত্ৰজ্ঞ সকলৰ পৰা আৰু ঋষিতুল্য সাধু সন্ন্যাসীৰ পৰা লাভ কৰা জ্ঞানামৃতেৰে তেখেতে ইতিমধ্যে বহু কেইখন কিতাপ লিখি উলিওৱাৰ লগতে বিভিন্ন কাকত, আলোচনীত বহুত খিনি প্ৰবন্ধ, ব্লগ লিখিছে।